বাৰে বাৰে সোঁৱৰিছো

পাৰাপাৰহীন সপোন বুকুত
আশা, প্ৰশান্তি এটি সুখৰ
সপোনৰ ৰ'দ কাঁচলীত বহি থাকোতে
বহূ কথা ঘুৰি আহিছিল মনৰ
শৈশৱ, কৈশোৰ আৰু যৌৱনৰ
সময় কেনি জানো পাৰ হৈ গ'ল
মনত নপৰে অতীতৰ দিনবোৰ
সেই তাহানিতে দেউতাই
দিয়া এটি পৰিচয়
আছিল বুকুত অলেখ সপোন
সময় কেনি জানো পাৰ হৈ গল,
আজি ৰ'দ কাঁচলীত বহি
বাৰে বাৰে সোঁৱৰিছো
সজল চকুৰে
আলফুলে বুটলিছো,
স্মৃতিৰ চুকে কোনে
ভাঁহি থকা মনৰ হেঁপাহবোৰ ।