স্মৃতিৰ কোঠাত

মেজিটোও জ্বলি উঠিল
এটি সুৰীয়া গীত ভাঁহি আহিল
আলিৰ ভাজে ভাজে
উপঙি আহিল বতাহত
মোৰ সমস্ত ভাবনা
স্মৃতিৰ কোঠাত
সযতনে বান্ধি ৰাখিছিলো
অশ্রুভৰা তোমাৰ মুখৰ ছবি
আজি কিয় মেঘে ঢাকি ধৰা দেখিলো
বহুকাল হ’ল
তোমালৈ চিঠি লিখা নাই
পাহৰি গ’লো
তোমাৰ ধ্রুপদী নাচোন
লুকাভাকু খেলিছিল মনে
যৌৱনৰ উপস্থিতিত উত্তেজনা আছিল
আজি অন্তহীন শূণ্যতা বুকুত
সাঁচতিয়া সপোন হেৰুৱাই

এটি কৰুণ চিঞৰ অপ্রাপ্তিৰ  ।।