এটি সুখী জীৱনৰ আশা


নকৰি কোনো যোগ বিয়োগ
কৰিলা হৰণ অন্তৰ
এতিয়া বাকি থাকিল
নিদ্রাহীন নিশাৰ আশা পূৰণ
একাবেকা ভংগীৰে গহীন খোজেৰে
সৰল প্রাণ মোৰ কৰি তুলিলা নিৰাশাৰ ভ'ৰাল
তোমাৰ চকুৰ মৃদু হাঁহিয়ে
বিৰহৰ বেদনা গৌণ কৰি
বুকুত বোৱাই এটি গীতৰ সুৰ
নিৰ্জীৱ প্রাণত অমৃত ঢালি
প্রস্থান কৰিলা নিজৰ দিশত
উচ্ছৃঙ্খল জীৱন সুশৃঙ্খল কৰি
এটি সুখী জীৱনৰ আশা অব্যাহত ৰাখি
তোমাৰ অনুপস্থিতিত 
কৰিছো গ্রহণ এটি চিৰবন্ধন  ।।