এটি ৰঙীন পখিলী

হৃদয় মানেনো কি
নহয় জানো বুকু ভৰা এবুকু মৰম
নতুবা চকুলো নামৰ
নিজৰাটিৰ সৃষ্টিকাৰী হ্রদটি

প্রেম মানেনো কি
নহয় জানো ই এটি স্বৰ্গীয় অনুভূতি
নতুবা যৌৱনত উৰি ফুৰা
এটি ৰঙীন পখিলী

দুৰ্ভগীয়া বাৰু কোনজন
নহয় জানো তেওঁ
যি মৰম বিলাব নেজানে
নতুবা সুখ দুখৰ ভাগি হব নেজানে

এদিন তুমিওঁ কৈছিলা
মৰম মানে এখনি
বিশাল মহাসাগৰ

পাহৰি গ’লা নেকি
তুমি দিয়া মৰমৰ ব্যাখ্যা
ই যে নহয় এটি শুকান মৰুভূমি
নতুবা বৰফেৰে আৱৰা
শীতল হিমালয়

তুমিয়েটো কৈছিলা মৰম মানে
এটি মিঠা মিঠা নাম বিহীন কবিতা
নতুবা বুজা নুবুজা
এটি অতি চিনাকি গীতৰ সুৰ

কিয় আজি হেৰাই গ’ল
অচিন দেশত
তুমি দিয়া মৰমৰ ব্যাখ্যা

নে ই মোৰেই ভ্রম
মৰম মানে কি বুজি নোপোৱা