মোৰ মুগ্ধ দৃষ্টিত

বিদ্যুৎপ্রভাহৰ চাঞ্চল্য
ছন্দত মহাশূন্যৰ নৃত্যৰ জ্যোতি
নিস্তব্ধ নীলাভ গুঞ্জনহীন গতিশীলতা
আলোক পুঞ্জৰ চক্রত সুদৰ্শন অমিতাভ
গতিময় জ্যোতি
বিশাল মুক্ত আকাশ
প্ৰাণময় সৃষ্টিৰ বিচিত্ৰ নীলা
নৈ:শব্দ ধ্বনিবিস্তৃত অপূৰ্ব্ব সঙ্গীত
শোভিত ৰূপৰ অপূৰ্ব্ব চমক
দৃশ্যমান স্থিতি বিস্তৃত ভাস্কৰ্য্য
সৃষ্টিৰ অপূৰ্ব্ব জ্যোতিআধাৰ
মোৰ মুগ্ধ দৃষ্টি
বিস্তৃত এটি আনন্দৰ সঙ্গীত