সপোনৰ ৰামধেনু

সপোনৰ ৰামধেনু
সোৱণশিৰিৰ পাৰত দেখিলো

ৰঙাকৈ হেন্দোলনি তুলি
নিজানে নিৰলে ইকূল সিকূল

চিফুং বাঁহীৰ সুৰৰ আৰত
বিয়পিছে প্রেমৰ কবিতা

মিলন বহাগৰ অপেক্ষাত
গধূলিৰ ধেমেলীয়া বতাহে
কাণত ফুচফুচাই কলেহি
এটি দুটি বহু কথা

ঝাওবনৰ মাজেদি ভাঁহি আহিছিল
হেমন্তৰ মতলীয়া সুবাস

কুঁৱলীৰ জাল ফালি
পশ্চিম দিগন্তত ডাৱৰে
ওঁঠত সানিছে ৰঙা ৰং

সোৱণশিৰিৰ ইটোপাৰে
বুৰ গ’ল গধূলীৰ বেলি

প্রাণোচ্ছল ভাব এটি
বুকু জীপাল কৰি
দি গ’ল এটি উষ্ণ আমেজ  ।।