মোৰ ৰূদ্ধ শব্দৰ মিচিল

ত্রস্ত ৰাতিৰ অন্তৰীক্ষত জলে বিপৰ্যস্থ মোৰ হৃদয়ৰ অৰ্থ
ঢলি পৰিল সূৱৰ্ণ সূৰ্য মোৰ সামৰ্থৰ সীমিত ৰেখাত
ভূতগ্রস্থ প্রহৰীৰ সুহুৰি
মোৰ সিৰাত বিজুলী বেগেৰে বৈছিল গোলাপৰ ৰঙা তেজ
নামি আহিছিল সিৰাই সিৰাই সোঁৱৰণীৰ গুম গুমনি
মোৰ বাবে ৰাতিটো এটি প্রতিধ্বনিৰ মুমূৰ্ষ বাস্তব
টুকুৰা টুকুৰ নিৰ্লিপ্ত শব্দৰ সত্বা
বিবস্ত্র দেহৰ অবাঞ্ছীত ছটফটনি
নিৰ্লিপ্ততা ভাঙি বৈ আহে মোৰ ৰূদ্ধ শব্দৰ মিচিল
মেঘে গাজিছিল অন্ধকাৰ ৰাতি
শেষ হব মোৰ ত্রস্ত ৰাতিৰ অন্ধকাৰৰ মায়াজাল  ।।