আত্মাটি উৰি যায়


দেখি থিৰ হৈ ৰওঁ
গৈ আছিল গান গোৱা চৰাইজাক
ফুটাব নোৱাৰা এটি ভাব
সুৰৰ অব্যক্ত ভাব
এটি প্রাণ হৰিছিল কাব্য কাননত
ৰূপৱতীৰ মিচিকিয়া হাঁহি
শুনি আছো প্রতিধ্বনি নিঃশব্দে
বিৰিঙি উঠিল ৰক্তিম উজ্জ্বলতা
উক দিলে হৃদয়ত সোণোৱালী সৃষ্টিৰ
নতুন ভাষা আৰু নতুন আশা
অপূৰ্ব্ব সঙ্গীত পোহৰৰ গান
বিৱপি পৰিছে আকাশে বতাহে
উপচাই পোহৰৰ ধল
নিশ্বাহ এৰিলে ফুলজুপিয়ে
মতলীয়া আজি ফুল কুঁৱৰী
ক’ত আছে এনে অপূৰ্ব সংগীত
বাঁহী বাজে প্রেমিকাৰ হিয়াত
আত্মাটি উৰি যায়
লৈ নিঃশব্দ পখিলাৰ গতি ।।