জীয়াই আছো মেজিৰ শেষ জুইকুৰাৰ দৰে

বহুদিনৰ মুৰত
বাহিৰৰ উৰুঙা বতাহ জাকে
কথাবোৰ  মনলৈ আনিছে

নতুন জীৱনৰ পাতনি
অচিনাকি কুঁৱলীসনা কোমল পুৱা
তল সৰা শেৱালীৰ সুবাস
উপচি আছিল

সন্ধিয়া মই আকাশৰ মেঘৰ মোহনাত
নাওখনি লৈ ৰিঙিয়াই মাতিছিলো
তৰাৰ দেশলৈ

কঁকালৰ ৰিহা খনি ধৰি থাকোতে
তুমি বাৰু কিয় একেথৰে চাইছিলা
মই স্বপ্নাতুৰ আলোকৰ মানুহ

এপাহ শেৱালীৱে                      
সেইদিনা মন সাগৰত
ঢৌৰ কঁপনি তুলিছিল
বহু বছৰ আগৰ কথা
সকলোবোৰ সাধু যেন লাগে

তুমি নাই
মোৰ সাজযোৰে ললে বগা বৰণ
এইযোৰ কাপোৰ চিনাকি নহয়

এই সময়খিনিত মোৰ বুকুখন
যেন তেনেই উদং হৈ থাকে

ভোগদৈয়েদি ভটিয়াই
গৈ থাকোতে
মই তোমাক ৰিঙিয়াই মাতিম
তুমি যিদিনা উলটি আহিবা                  
মোক নাপাহৰিবা দেই

জীয়াই আছো মই
মেজিৰ শেষ জুইকুৰাৰ দৰে
উমি উমি জ্বলি ।।