আদিম সৃষ্টি


দীপ্ত হৃদয়ত বৈছে
আদিম বণ্যতাৰ সোঁত

অজান দেশৰ
অজান অৰণ্যত ভ্ৰমিছো ময়

বিছাৰি ফুৰিছো
আদিম বণ্যতা
নগ্ন উন্মুক্ত শৰীৰৰ

অনুভৱ কৰিব খোজো
আদিম বণ্যতাৰ ৰহস্য

পৰিদৃষ্ট হেজাৰ বণ্য সুৰ
এই অজান অৰণ্যত

অনুভৱৰ এটি সুৰ
বৈ গ’ল বুকুয়েদি
উপলব্ধি এটি আদিম সৃষ্টিৰ 

ৰৈ গ’ল এটি স্মৃতি

সেই আদিম সৃষ্টিৰ ।।