থুপাই থৈছিলো সময়


গোটেই ৰাতিটো পাৰ কৰি দিওঁ
আবেগত ভাগি পৰি উজাগৰে

এন্ধাৰত এটি জোনাকী উৰি আহে
থুপাই থৈছিলো সময়

বুকুত এপাহ গোলাপ কোনে থলে
অকস্মাৎ শুনিলো শংখ নিনাদ

অনুভৱ কৰিলো এটি বিষ অণুৱে অণুৱে
হৃদয়ত ত্রূমে নিঃশেষ হব খোজা তান

থমকি ৰলো ছিঙা তাৰ জোৰাবলৈ
বাজি উঠে এটি ৰাগ নিৰবে

মোৰ অনুভৱে অনুভৱে স্পন্দন তোলে
গুণ গুণ এটি কলিৰ স্পষ্ট সংগীতৰ তান  ।।