আদিম বন্যতাৰ স্নিগ্ধতাত
প্ৰকৃতিৰ এটি সুৰসমলয়
শীলে শীলে ঠেকা খাই
বৈ যোৱা নিজৰাটিত
অহৰহ ধ্বন্নী প্ৰতিধ্বন্নি
সৃষ্টি এটি লহৰৰ মায়াজাল
উটি ভাঁহি গুচি যায়
আকাশে বতাহে
প্রতিটো লহৰে গীত ৰচে
বন্য আনন্দৰ
সেউজী অৰণ্যৰ বিশালতাত
উৰি ফুৰে এটি অনুভৱ
বনৰীয়া মনৰ
অপূৰ্ব আকৰ্ষণ সৌন্দৰ্য্যৰ