এতিয়া দুখৰ কুঁৱলি

পানীৰ জোখ আঠুৱনি
খুপিয়াই আগবাঢ়ি যাওঁ
ভাগি অহা উজানৰ পানীত

ডাৱৰে গুজৰি গুমৰি কঁপাই তুলিছে
আকাশ বতাহ তাতে বিজুলিৰ চমকনি
এন্ধাৰ ৰাতি চিঞঁৰি উঠে

গাজনিৰ হুংকাৰত
নিৰ্জনতাত অকলশৰে
কঁপি উঠে মন

আন্দোলিত আক্ৰোশ প্ৰকৃতিৰ
সযতনে গঢ়ি তোলা
এখনি বাগিছা
এতিয়া দুখৰ কুঁৱলি

আকাশ মেঘাচন্ন
মন থানবান
ধৰ্ষিতা আত্মাৰ  বিষাদ
বাজি থাকে এটা কৰুন গান।