তেওঁক লগ পোৱাতো মোৰ অন্তৰৰ আশা
শুনিছিলো তেওঁ আহিব বুলি
মইতো একো নাজানিছিলো
মোক বাতৰি দিওঁতা কোনো নাছিল
তেখেতে তেওঁক কৈছিল মোৰ কথা
কোন তেওঁ হৃদয়ৱান মই নাজানিছিলো
মোৰ অন্তৰৰ কথা কেনেকৈ জানিছিল
মই নাজানো
মই তেখেতক কেতিয়াওঁ লগ পোৱা নাছিলো
তেখেতক এদিন লগ পালো
তেখেতে কলে স্বৰ্গীয় প্রেমৰ অনুভূতিৰ
উমান তেখেতে পায় !!!!
মই বুজি পোৱা নাছিলো
চকুৰ চাৱনিত উমান পাইছিল
মোৰ ভাল পোৱাৰ কথা
সেয়ে তেখেতৰ অনুৰোধ আছিল
মই ভাল পোৱাজনৰ প্রতি
মোৰ অব্যক্ত প্রেমৰ সৰৱ প্রকাশ
তেখেতে তেখেতৰ সংগী জীৱনৰ উদাহৰণ দি কৈছিল
কেলেই তেওঁলোক দুয়ো সুখী
বায্যিক সৌন্দৰ্য্যৰ প্রতি তেওঁলোক
নিৰ্জীব আছিল
অন্তৰাত্মাৰ মৃদু গুঞ্জণ তেওঁলোকৰ প্রিয় আছিল
সেয়ে তেওঁলোক সুখী আজীৱন ।।