হৃদয় কেতিয়া জ্বলে


হৃদয়ে যেতিয়া কান্দে
যেতিয়া দুখৰ চকুলো পৰে
কি ভাৱ আহে মনত
হয়তো এটি শূণ্যতাৰ উপলব্ধি
নহলে হৃদয়ৰ মাজত ভাঁহি ফূৰা
এটি গুমগুমনি
হয়তো এটি সপোন ভঙাৰ কন্দোন
হাহাকাৰ কৰি বুকুত জ্বলে
এটি শূণ্যতাৰ চাকি
হৃদয়ৰ অবস্থিতি হয় অস্থিৰ
সেই সময়ত নে বিছাৰে কিছু আদৰ
নিজৰ স্থিৰতা ঘুৰাই পাবলৈ ।।