আশা তোমাৰ ভৰসা

শব্দৰ সংশয়ত
কাণত সোপামাৰি
অদূৰত দেখো তোমাৰ ছায়া
নুশুনো তুমি গোৱা গীতৰ প্রতিধ্বনি
এটি প্রচ্ছায়াৰ দৰে
স্থিৰ হৈ লক্ষ্য কৰিছো
তোমাৰ গতিবিধি
কোন তুমি ছায়াৰ প্রতিমা
ধিৰে ধিৰে আহিছা আগোৱাই
মোৰ দিশলৈ
শুনা নাই তোমাৰ খোজৰ প্রতিধ্বনি
তোমাৰ খোজৰ ভংগিমাত
নিঠৰ হ’লো ময়
কঁপিছে মোৰ হাত ভৰি
কঁপনিৰ মাজে মাজে
কাণত সোপামৰা হাতৰ ফাকেদি
শুনিলো তোমাৰ গীতৰ সুৰ
শুনিলো তোমাৰ খোজৰ প্রতিধ্বনি
মাজে মাজে টুকুৰা টুকুৰকৈ
মন্ত্রমুগ্ধ হ’লো ময়
খুলি গ’ল হৃদয়ৰ বন্ধ দূৱাৰ
নিৰ্ভয় হৈ

আশা তোমাৰ ভৰসা ।।