লুইতৰ বালিচাপৰিত
আমাৰ নিৱিৰ ক্ষ্যনবোৰত
চাকৈচকোৱা দুটিয়ে যেন কৈছিল
আমাৰ বুকুৰ কথা
পানী যুৱলিত নামি
পানীত আঙুলিৰে টুকুৰিয়াই থাকোতে
উৰি আহি মনত থিতাপি লৈছিল
এটি অনুভৱে নিৰলে
জীৱনৰ সিঁচৰিত সুখ
ৰঙীন মুহূৰ্ত এটি জীৱনৰ
সন্তৰ্পণে হেৰাই যায় নিথৰতা
আমি দুয়ো আছো প্রকৃতিৰ বুকুত
কল্পনাৰ সাগৰত দুবিম
যন্ত্রনাৰ হলাহল পান কৰি
আবেগৰ চকু পানীৰে
উৰি ফুৰা চঞ্চল অনুভৱ
কলকলাই নামি আহে মোৰ আত্মাত
তোমাৰ হাঁহিৰ বহুতৰপীয়া
পলসযেন বাঢ়ি অহা ক্ষনবোৰে
হঠাৎ মোৰ নিৰৱতা ভাঙে
নাজানো কোনখন দুৱাৰেদি
মোৰ নিৰৱতাই উকি মাৰিছিল
বুকুত বিচাৰিছিল হেৰুৱা সম্পদবোৰ মোৰ অজ্ঞাতে
নিৰৱ এটি হুমুনিয়াহ সৰি পৰিছিল
দুটোপাল চকুপানী হৈ ।।