সপোন কুৱৰী

সকলো ত্যাগ কৰি
আকাশত উৰিবলৈ কোনে তোমাক 
প্রেৰণা দিলে

আকাশৰ জিলমিল 
যদি তোমাৰ সপোন হয়
পাৰ্থিৱ সুন্দৰতাৰ পৰা 
বঞ্চিত তুমি

তোমাৰ মনৰ আশা
কিমানখিনি পূৰণ হব 
ভাৱি কোৱাতো কঠিন হব

মই তোমাৰ ভাল পোৱাৰ পানীপ্রাৰ্থি
কিন্তু তুমি নিজকে
এক সপোন ৰাজ্যৰ কুৱৰী সাজি 
উৰি ফুৰিছা