নীল আকাশৰ বিষাদ

মায়াৱি ঘোৰ অন্ধকাৰ ৰাতি
বতাহত ভাঁহে মায়াবি সংগীত
অনুৰনিত সুৰ বুকুভেদি যায়
অকলশৰে মন্ত্রমুগ্ধ ময়
শৰীৰত বৈ যায়
শীতল সোঁত কলিজা বিদাৰি
আকর্ষনৰ সন্মোহনে
অজানিতে লৈ যায়
সুৰৰ দিশে
খোজ লওঁ
মায়াবি সংগীত বিচাৰি
স্বপ্নৰ অলীক আবেগত
প্ৰতিবিম্বিত ৰূপৰ প্ৰতিফলন
আন্ধাৰৰ এটি আশাৰ
শংখ ঘণ্টাৰ অভিধান
সাৰে থাকিম অকলশৰে
জাগিছিল এটি অনুভূতি
দূৰত মাৰ যোৱা
বিষাদ কঢ়িয়াই কঢ়িয়াই
কজলা বৰণ লোৱা ডাৱৰ
সংগী ধুমুহা বতাহ
আন্ধাৰৰ সুযূগত কিৰিলি পাৰিলে
এটি অজান ভয়ত
সৃষ্টি হ’ল ত্ৰাস
সহিব নোৱাৰিলে ডাৱৰে
চকুপানীৰ ঢ’ল
মুক্ত ধাৰাৰে ধাৰাষাৰ গতিত
বৈ আহিল
নীল আকাশৰ
বিষাদ কঢ়িয়াই
মায়াৱি ঘোৰ অন্ধকাৰ ৰাতি