গুণগুণাবা তুমি মাজে মাজে

গুণগুণাবা তুমি মাজে মাজে
বৰষুণৰ শব্দ শুনি শুনি
বৰষাৰ প্রেমিক আছিলো মই
বৰষুণৰ শব্দ শুনি
পাহৰি পেলাইছিলো দুখ
বহুকাল ভুগিছো
পাহৰি গ'লো বাঁহীৰ সুৰ
হেৰাল সুঁৱৰণীত
শৈশৱৰ লুকাভাকু
যৌৱনৰ ৰঙীন উপস্থিতিত
হলো মই সন্ন্যাসী
দূৰৈত বাজি থকা বাঁহীৰ সুৰত
আজি মোৰ বুকুত নাহে ঢ'ল
অনুভৱ কৰু অপ্রাপ্তিৰ
কৰুণ চিঞঁৰ
কৰ্পূৰৰ দৰে শেষ হ'ল
উপলব্ধিৰ চেতনা
গুণগুণাবা তুমি মাজে মাজে
বৰষুণৰ শব্দ শুনি শুনি  ।।