এটি ভাৱৰ তোলপাৰ মনৰ মাজত

এটি ভাৱৰ তোলপাৰ মনৰ মাজত
প্রকাশৰ দূৱাৰ বিছাৰি
দূৰ্ব্বাৰ গতি মনৰ মাজত
শব্দৰ সন্ধানত
লুটিয়াইছে শব্দৰ অভিধানৰ পাত
হেজাৰ পাত লুটিয়াই
নাপালে মনে বিছৰা
শব্দৰ সন্ধান
খঙত চিৰাচিৰ কৰি
দলিয়াই পেলালে
শব্দৰ অভিধান
ভাৱৰ উত্তপ্ত হেঁচাত
ফুটোফুটো কৰা
এটি আগ্নেয়গিৰি উদগিৰনৰ
সময় সমাগত