আত্মাটি উৰি গীত গায়

মিচিকিয়া হাঁহি
এটি ৰূপহ গোলাপ
চেনেহত মোৰ বাজে বাঁহী
প্রিয়াৰ নয়ন দেখি থিৰ ময়
আত্মাটি উৰি গীত গায়
সোণবৰণীয়া ৰ’দ ফুটাব নোৱাৰা ভাব
এটি পাহিয়ে হৰিছিল
কবি প্রাণ নিজানত
শূন্যতা সৰিল নিঃশব্দে
বিৰিঙি উঠিল ৰক্তিম আভা

এক অপূৰ্ব্ব সঙ্গীতৰ প্ৰতিধ্বনি
মোৰ গানে সুৰ লয় কল্পনাৰ আধাৰত
পূজাৰ অৰ্ঘ্য কৰি দিওঁ উপহাৰ
আকাশে আকাশে মুগ্ধ নবীন সূৰ্য্য