ভাৱৰ নিজস্ব ধাৰা
এপাহ ফুলৰ উপহাৰ
এপাহ ফুলৰ উপহাৰে
উজলালে মুখত এটি তৃপ্তিৰ হাঁহি
নিথৰ শিলটিয়ে নতুন প্রাণ পালে
মোৰ নিথৰ হৈ পৰা তুলিকাত স্পন্দন উঠিল
এজাক মলয়া বতাহে শৰীৰ শীতল কৰি
স্মৃতিৰ ধূলিময় পেৰাত উকি মাৰিলে
জীৱন্ত জঁকাটোত
এটি নতুন তেজৰ সোঁত বোৱালে।।
Newer Post
Older Post
Home