প্রেম


প্রেমৰ কবিতা মই লিখিব নাজানো
প্রেম কাক কয় তাকেইটো আজিলৈ নুবুজিলো
তুমি কলা মোক ভাল পাওঁ বুলি
কি উত্তৰ দিওঁ তোমাক ভাবিকে নেপালো,
সৰুতে আইতাই কোৱা
সাধুবোৰত কৈছিল
ৰাজকোৱৰ আৰু ৰাজকোৱৰীৰ প্রেমৰ কথা
তেতিয়া বসয় জানো হৈছিল মোৰ প্রেমৰ অনুভূতি পোৱা
এতিয়া তুমি কলা
মই বিনে তোমাৰ জীৱন অন্ধকাৰ
তুমিয়েই কোৱাছোন মই কি কৰো এতিয়া ।।