মন মোৰ উৰি যায়

পূৱতী নিশাৰ নিয়ঁৰত খোজ দি
আপোন সুৰত
এবুকু বোৱতী ঢল লৈ
সেউজৰ প্ৰতিটো পলত
এটি অনুভূতিৰ সুমধুৰ আলিংগন

এক নুবুজা মায়া জালে
মৌনতা খহাই
বজায় মধুময় সঙ্গীত
হৃদয় হেৰাই সুৰৰ মূৰ্চ্ছনাত

নিৰ্জনতা ভাঙি বাজি উঠে
বাঁহীৰ অপূৰ্ব সঙ্গীত

প্রকৃতিৰ উতলা উন্মাদনাত
আৰু অবুজন বাঁহীৰ সুৰত
মন মোৰ উৰি যায়
বৰদৈচিলা হৈ