তোমাৰ অভিমান

তোমাৰ বাবে মই আছিলো ৰৈ
এটি নিজান দুপৰীয়া
গছৰ ছায়াত
গুণ মুগ্ধ ৰূপ মুগ্ধ
বিস্মৃতিৰ গহ্বৰত
হেৰাই গৈছিল মন
তুমি অহাৰ মই উমান নেপালো
তুমি গুছি গ’লা
এবুকু অভিমান লৈ
স্তম্ভিত মই
অনুভৱ কৰিলো তোমাৰ উপস্থিতি
ৰৈ থাকিলো কিছুপৰ নিঠৰ হৈ
তোমাৰ অভিমান
মোৰ বাবে এটি নুবুজা সাথৰ
তোমাৰ সানিধ্যৰ জুই
জ্বলিছিল বুকুত
এবুকু সাহস গোটাই
আগ বাঢ়িলো
তোমাৰ অভিমান ভাঙিবলৈ ।।