অশ্রুৰ ধাৰা স্মৃতিৰ জুৰিটিৰ

অজ্ঞাতে উৰি আহে
নিবিৰ ক্ষণবোৰত
অ’ত ত’ত সিঁচৰিত মুহূৰ্তবোৰ
সন্তৰ্পণে অজ্ঞাতে
নিজান সন্ধিয়া
নিঃসাৰে বগাই ফুৰে
নিঃশব্দে মোৰ কল্পনাৰ ছবিত
মোৰ আবেগৰ উমান পাই
নিঃশব্দে মোৰ আত্মাত
স্থান লয় যন্ত্রনাৰ ভ’ৰালত
অনুভৱবোৰত ঢৌ খেলাই
বাৰিষাৰ কোবাল ঢৌৰ দৰে
ভাঙি বৈ আহে
অনুভৱবোৰৰ গুণগুণনি
বনৰীয়া স্মৃতিবোৰ
উপঙি আহি
থিতাপি লয়
মোৰ আত্মাত
নামি আহে
এটি অশ্রুৰ ধাৰা
স্মৃতিৰ জুৰিটিৰ পৰা
মোৰ নিৰৱতা ভাঙি