আইতাৰ মুখৰ সাধু কথা

গুপুতে কৰা আমাৰ আলিংনৰ খেলা
যদি সমাজে নেজানে
তাৰ জানো কিবা স্বীকৃতি আছে
লা আমি জনাওঁ সকলোকে
আমাৰ মৰমৰ কথা
মৰমৰ জানো সীমা থাকে
হব পাৰে সমাজৰ চকুত
এটি অশালিনতা
কিন্তু কিমানদিন লুকুৱাই ৰাখিবা
আমাৰ প্রেমৰ কথা
দূৰণিত শুনো এক গুনগুননী
কোনোবাই হয়তো কৈছে
আমাৰেই কথা
এটি মাথো শব্দৰ ফুচ-ফুচনি
সৰৱ ব্যঞ্জনাৰ প্রতিক্ষা কৰি
অপেক্ষা কৰাটো জানো উচিত হব
আমাৰ অব্যক্ত প্রেমৰ কাহিনীবোৰ
এদিন হৈ পৰিব 
আইতাৰ মুখৰ সাধু কথা ।।