হৃদয়ত সৃষ্টিৰ শলিতা জ্বলাওঁ

শেষ হ’ল ৰক্তিম উজ্জ্বলতা
শান্তিৰ নৱলোকৰ পোহৰৰ গান
বুৰ গ’ল অন্ধকাৰত শূন্যতা হৈ

শুনো ৰিণি ৰিণি পথাৰবোৰত
অতীতৰ মাজেদি
সঙ্গীতৰ প্ৰতিধ্বনি

অতীতৰ আন্ধাৰত ৰৈ থাকি
মই শিল্পী
হৃদয়ত সৃষ্টিৰ শলিতা জ্বলাওঁ

অপূৰ্ব্ব ধাৰা
সোণোৱালী সংস্কৃতিৰ

সঙ্গীতৰ অন্তিম প্ৰতিধ্বনিৰ
উক দিয়া ধোঁৱাবোৰে
বুকুত সিঁচিলে সৌন্দৰ্য্যৰ এটি ৰূপ

ভৰি পৰিল হৃদয়-পাত্র
এটি দেৱী গীতৰে  ।।