অঘৰী প্রেমিক

বিগলিত অবোধ মনৰ হাবিয়াসে
তোমাক বিচাৰি ফুৰে

অঘৰী প্রেমিক মই
পদূলিত ৰৈ থাকি ঢাকি ৰখা তোমাৰ মুখে
মনৰ কৌতূহলী অংশটোক চিৰাচিৰ কৰি
মোৰ বুকুৰ গলিত লাভাত উপচাই দিছিল সোণালী ৰং

মোৰ উত্‍ফুল্ল মনৰ কৌতূহলৰ আঁচলখন
তোমাৰ উপস্থিতিৰ উমান পাই
বিয়পি পৰিছিল পাহাৰে ভৈয়ামে

মোৰ অন্যমনস্কতাত এটি অনুভৱে
বিশেষ ভংগীমাত দুলি উঠিছিল

প্রেমিক মনে প্ৰাণ পাই উঠিছিল
পাহাৰীয়া, খৰস্ৰোতা নদীৰ দৰে