এটি অনুভৱ বুকুৰ ভিতৰত

হেৰাই গ’লো কল্পনাৰ সাগৰত ডুবি
তোমাৰ উঠন বুকু আৰু
চঞ্চল হাঁহিৰে কৰা ধেমালিবোৰ
ৰঙানীলা সপোনৰ ৰূপলৈ
মোৰ মানসত কলকলাই নামি আহিল
এটি অনুভৱ বুকুৰ ভিতৰত
বাঁহীৰ মাতত উচপ খাই উঠিলো
সুৰৰ গুনগুননী আৰু
তোমাৰ ৰিহাৰ আচলৰ
বতাহৰ লগত কৰা ধেমালী
বনৰীয়া ৰাগ এটিয়ে
গজালি মেলিলেহি মোৰ মনৰ মাজত
মোৰ অন্তৰৰ নিৰবতা ভাঙি
খামুচি ধৰিছেহি এটি অজান আকাক্ষাই
হেৰাই গ’ল মোৰ মন
এটি স্বপ্নাতুৰ নিৰবতাত