নীল আকাশ আৰু শুকুলা ডাৱৰ
মৃদু শব্দ শংখ ঘ্ণ্টাৰ
দূৰণিৰ পাহাৰটিলৈ চালে ভাব হয়
জীৱনৰ ৰং এটি সেজীয়া অনুৰাগ
নিগৰি নিগৰি কোমল বুকুয়েদি
সদ্যস্নাতা কোন ৰূপৱতী
বুকুত জাগি উঠিল চেতনা
এটি নীলা সপোন শোৱণশিৰিৰ
গোলপীয়া কামনাৰ জোনাকে
ফুলালেহি এটি সপোন নিৰলে নিজানে
সাগৰৰ বুকু বিয়পাই উৰিল গঙাচিলনি
আকিলেহি মোৰ বুকুত তেওঁৰে অবয়ব
ভৰি পৰিল মোৰ আকুল হিয়া
ৰৈ আছো পাহাৰৰ শিখৰত
দূৰৈত বৈ আছে মোৰ শুভ্র প্রেমৰ নিজৰা
।।