নিৰৱে বৈ যোৱা মৃদু মলয়া

ময় নিৰৱে বৈ যোৱা মৃদু মলয়া
ব’লা তুমি মোৰ লগত বতাহত উৰি
সখী তুমি মোৰ
ব’লা যাওঁ পানীৰ উপৰেৰে সাগৰৰ
তুমিয়েইটো মোৰ সখী    
মই নিশব্দে ভাঁহি থাকো তোমাৰ কাষতে
জোনাকে যেতিয়া ধেমালী কৰে
মই তোমাৰ গালত পৰশ দি
অনুৰোধ কৰো
ব’লা তুমি মোৰ লগত বতাহত উৰি
জোনাকৰ মৃদু পৰশ লবলৈ
তুমিয়েইটো মোৰ সখী    
নিৰৱে বৈ যোৱা মৃদু মলয়া
নিশব্দে ভাঁহি থাকো তোমাৰ কাষত।