নিবিৰ ক্ষণবোৰত
মোৰ অজ্ঞাতে আত্মাৰ অনুভৱবোৰ
মোৰ কল্পনাৰ ছবিত নিঃশব্দে বৈ আহে
বাৰিষাৰ
ঢৌৰ দৰে
এটি বনৰীয়া
সুবাসৰ সুগন্ধহৈ
আত্মাত কলকলাই
নামি আহে মোৰ নিৰৱতা ভাঙি
সন্তৰ্পণে মোৰ অজ্ঞাতে বগাই ফুৰে
হৃদয়ৰ আশে পাশে
কথাবোৰৰ মৰমত ভাঁহি থাকোতে
নিজান সন্ধিয়া নিঃসাৰে
এজাক জোনাকী উৰি আহে নিঃশব্দে ।।