চিঞঁৰি উঠে কাৰাৰূদ্ধ কন্ঠই

টুকুৰা টুকুৰকৈ মনত পৰা কথাবোৰে
নিজানে নিৰলে ধেমালী কৰে
ফুচফুচাই সুহুৰি মাৰি

কুঁৱলীৰ জাল ফালি
মৃদু হেন্দোলনি তুলি
ভূমুকি মাৰেহি
সাঁচতীয়া পেৰাত থকা
বাঁহীৰ সুৰৰ
প্রাণোচ্ছল ভাৱ এটি

সংগোপনে উকিমাৰি
ঝংকাৰিত হৈ
লৈ আহে মনলৈ
এটি অজান সংগীত

নিশব্দতা ভেদি
চিঞঁৰি উঠে কাৰাৰূদ্ধ কন্ঠই
বুকু জীপাল কৰি