যাব পাৰোঁ অজুহাত পালে

শেষ হ’ল উত্সৱ
পথাৰত এতিয়া বলিছে বতাহ
কোমল কঁহুৱা ফুলে ক'লে আকাশৰ কাণে কাণে
বিস্ময়ৰ আবেগত ভাঙে শব্দৰ তন্ময়
যাব পাৰোঁ তোমাৰ সান্নিধ্যৰ অজুহাত পালে
মুক্ত নিৰ্জনতা আৰু নিৰ্ভৰতাৰ ছায়াত
তোমাৰ উপস্থিতিত জোনাকৰ পোহৰত
মই গুচি যাম স্বপ্নৰ মাজেদি
দেহৰ কোলাহল আৰু সপোনৰ কৌতূহল
পাহাৰৰ শিখৰত বাজে বাঁহী
বাৰিষাৰ বতাহত বুকু ভৰা সৰল হাঁহি
সাৱটি আছে নৈৰ নিজান সুৰ
হেঁপাহৰ বিশাল স্ফীত শাখা-প্ৰশাখা
মোৰ অনুভূতিৰ দুষ্প্ৰাপ্য ৰং
তোমাক বুকুত থৈ গঢ়ো
এখন প্রেমৰ স্বৰ্গীয় উদ্যান ।।