বিস্মৃতিৰ পেৰাত স্মূতিবোৰ থৈ

হাতত জীৱন সাধনা
লগত যন্ত্রনা আৰু বিষণ্ণতা
কঠোৰ জীৱন
নিৰৱচিন্ন এটি সোঁত
মিচিং গাঁওখনৰ সিপাৰে
হেমন্তৰ বতাহে
মোক মতলীয়া কৰিছিল
গাঁওবাসীৰ উপস্থিতি সৰৱ আছিল
এতিয়া কোনো চিনচাব নাই
নিশ্চিন্ন হ'ল গাঁও
ঝাওবনৰ বিশাল চাপৰি
এটি সুৰ বতাহত
যন্ত্রণা আৰু বিষাদৰ
সময়ৰ সুঁতি
এটি চিৰন্তন প্রবাহ
বিস্মৃতিৰ পেৰাত স্মৃতিবোৰ থৈ
আগবাঢ়ো
ৰৈ আছে সময়
সন্মূখত চলিছে আখৰা
জীৱন নাটৰ কাব্য ৰচনাৰ  ।।