মোৰ অজ্ঞাতে উৰি আহে

লুইতৰ চাপৰিত নিবিৰ ক্ষণবোৰত
অ’ত ত’ত ছিন্নভিন্ন জীৰ্ণ হৈ থকা মুহূৰ্তবোৰ
সন্তৰ্পণে নিজৰ অজ্ঞাতে নিজে নজনাকৈ
আঙুলিৰে লিৰিকী বিদাৰি
কথাবোৰ বুটলি ফুৰোঁতে

নিজান সন্ধিয়া এজাক জোনাকীয়ে
নিঃসাৰে বগাই ফুৰে বালিময় চাপৰিত

মোৰ অজ্ঞাতে উৰি আহে
নিঃশব্দে মোৰ কল্পনাৰ ছবিত

মোৰ আবেগৰ চকুপানীৰ উমান পাই
উৰিছে নিঃশব্দে মোৰ চৌদিশে

মোৰ আত্মাত খামুচি
যন্ত্রনাৰ আবেগৰ উপশম কৰি
ঢৌ খেলালে অতল তলিৰ অনুভৱবোৰত

বাৰিষাৰ ঢৌৰ দৰে
ৰূদ্ধ দুৱাৰ ভাঙি বৈ আহিল
অনুভৱবোৰ বাঁহীৰ গুণগুণনি হৈ

চৌদিশে বনৰীয়া সুবাসৰ এটি সুগন্ধ
উপঙি আহিল পানী যুঁৱলিত

স্মৃতিবোৰ উৰি আহি থিতাপি ল’লেহি
মোৰ আত্মাত মূল্যবান সম্পদ হৈ

কলকলাই নামি আহিল স্মৃতিৰ জুৰিটি
চৌদিশ পোহৰাই মোৰ নিৰৱতা ভাঙি