যাত্রাৰ অন্ত এটি অচিন ঘাট

বাজি উঠে এটি ৰাগ
বিয়পে মোৰ সমস্ত সত্তাত

হৃদয়ত বিস্তৃত প্রেমৰ সুগন্ধ
স্বপ্নৰ লাৱণ্যময় ৰক্তিম প্রভাৱ

দেও দি আহে এটি অনুভূতি
ৰহস্যৰ সিপাৰে তাৰ দুৱাৰ

চিকমিক নীলা ভোমোৰাৰ পাখি
জীৱনৰ এটি সৰ্পিল পাক

হৃদয়ৰ গভীৰতাত সৃষ্টি এটি অস্থিৰতা
কৌতূহলী মনত প্রহৰীৰ পাক

মোৰ যাত্রাৰ সংগী সোঁৱৰণী
নদীত ভাঁহি যায় মোৰ তুলুঙা নাও

তেজত প্রতিবাদ বিপ্লব সত্তাত
যাত্রাৰ অন্ত এটি অচিন ঘাট  ।।