এতিয়া আকাশ মেঘাচন্ন

দুখৰ কুঁৱলি
খুপিয়াই আগবাঢ়ি যাওঁ
আঠুৱনি পানী

উজানৰ পানীত
খোজৰ গতি
স্থবিৰ হৈ পৰে মাজে মাজে

ডাৱৰৰ গুজৰনিয়ে
কঁপাই তুলিছে আকাশ বতাহ
তাতে বিজুলিৰ চমকনি

চিঞঁৰি উঠে গাজনিৰ হুংকাৰ
কঁপি উঠে মন
আক্ৰোশ প্ৰকৃতিৰ

এতিয়া আকাশ মেঘাচন্ন
মন থানবান
আত্মাত বাজি উঠে
এটা কৰুন গান।