লুইতৰ দুটি ঢৌ

তুমি ময় আৰু আমাৰ প্রতিশ্রুতিবোৰ
অতীতৰ স্মৃতি, বৰ্ত্তমানৰ কল্পনা আৰু ভবিষ্যতৰ আশাবোৰ
তোমাৰ হাঁহি আৰু মোৰ ধেমালি
সেয়ে হওঁক আমাৰ জীৱনৰ গতি
কান্দোন লাগে
হাঁহিবোৰ মধুৰ কৰিবলৈ দুখ লাগে
বীণ আৰু সুৰ হৈ
জীয়াই থাকো আহা অনাদি কাললৈ
লুইতৰ দুটি ঢৌ হৈ
আহা আমি বৈ যাওঁ বিশাল সমুদ্রলৈ
অন্তৰ হওঁক আমাৰ
সাগৰৰ বিশালতা
আৰু আমাৰ মৰমবোৰ হওঁক
তাৰ গভীৰতা  ।।