মোৰ অজ্ঞাতে জ্বলিছে হৃদয়ৰ বিজুলী


নতুন যাত্ৰাৰ উমান বুকুৰ উমে দিছে
ভালপোৱাৰ আনন্দ  প্ৰাচুৰ্য যৌৱনৰ
জীৱনৰ নতুন অৰ্থ
প্ৰতিটো পুৱাই মোলৈ আনে বিপুল সম্ভাৰ
লৈ আহে স্নিগ্ধ ফুলৰ সুবাস
মইঁ শুনিছোঁ অন্তৰৰ একোটি গান
মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই
মোৰ অজ্ঞাতে জ্বলিছে হৃদয়ৰ বিজুলী
কোমল পোহৰৰ স্বৰ্ণ-স্পৰ্শে
উজ্জ্বল কৰিলে অন্ধকাৰ হৃদয়
উদ্দাম কৰিলে নিস্তেজ মন
মনৰ স্তৰে স্তৰে
এতিয়া বিদ্যুৎৰ বিস্ময়