সৃষ্টিৰ অপূৰ্ব্ব আধাৰ

মহাশূন্যৰ নিস্তব্ধ নৃত্য-ছন্দত
চঞ্চল বিদ্যুৎপ্রভাহ
গুঞ্জনহীন অমিতাভ জ্যোতি পুঞ্জৰ
গতিময় নীলাভ নিঠৰতা
সুদৰ্শন অলোক চক্রত
অদৃশ্য ৰথৰ মৃদংগৰ ধ্বনি
বিশাল মুক্ত নীল আকাশ
সৃষ্টিৰ বিচিত্ৰ প্ৰাণময়, মোহময় পথাৰ
নৈ:শব্দত স্থিতি বিস্তৃত ভাস্কৰ্য্য
ৰূপৰ চমক জোন বেলি তৰা
শোভিত বিস্তৃত অপূৰ্ব্ব সঙ্গীত
অবাক দৃষ্টিৰে চাওঁ
সৃষ্টিৰ অপূৰ্ব্ব আধাৰ
হাতীপটীৰ শুভ্ৰ জ্যোতি  ।।