অনুভব জীৱন সন্ধিয়াৰ

হৃদয়ৰ গভীৰত ভস্মীভূত আশা
স্পষ্ট হৈ উঠিছিল নিঃসংগতা
কঁপিছিল বুকু অৰ্থহীন স্তব্ধতাত
এটি এটি কৰি সৰি পৰে
ছায়াৰ দৰে
হৃদয়ৰ আশ্রয়
বিয়পি পৰিল তেজত শীতল  প্রবাহ
বিষণ্ণ হৃদয়ৰ দিকহাৰা গতি
অনুভব জীৱন সন্ধিয়াৰ
নিঃশব্দ নিশ্বাসৰ অন্তত
এটি বসন্ত
শাণিত অস্ত্র হ'ল বিবৰ্ণ
ক্রান্তিৰ লগ্নত শব্দৰ তন্ময়
আবেগত ভাগি পৰা সোনোৱালী মঞ্চ
অনুভবত শোকাতুৰ বাঁহীৰ  মাত
নিঃশেষ নিৰুক্ত নীল নক্ষত্র
হৃদয় সংগীত আজি অস্পষ্ট  ।।