বহুদিন নিৰৱ আছিল
পুৱাতে গান গোৱা চৰাইটো
কোনেওঁ নাজানিছিল ক'ত আছিল তাই
তাইৰ কলিজাইদি
উজাই অহা সুৰটি
বতাহত উপঙি ফুৰিছিল কপিঁ কপিঁ
এতিয়া তাইৰ সুৰৰ মূৰ্চ্ছনাত
সজাগ হৈ উঠিছে মেঘ আকাশ
অহৰহ বতাহ বলিছে
চিৰাংৰ হাবি বননীত
নতুনকৈ জাগি উঠিছে প্রাণ
নীঠৰ সপোণবোৰ
উক দিছে লাহে লাহে
ঘৰ এৰি উৰি গৈছে শালকীবোৰ
তাইৰ ডেউকাৰ বা লাগি
সমুদ্রত নতুনকৈ ঢৌ উঠিছে
তাইৰ সুৰৰ স্বপ্নময় ৰঙত
সজাগ গছ পাত ফুলবোৰ
মুখত তৃপ্তিৰ হাঁহি সকলোৰে
ডাৱৰীয়া বতৰৰ মাজেদি উলাল
এচেৰেঙা ৰ'দ
স্মৃতিৰ বৰপেৰাটিত
এটি সপোনৰ হাঁহিৰ টুকুৰাবোৰ
থোপ খাইছিল লাহে লাহে
অন্তৰৰ আকাশ পোহৰাই ।।