পিপাসাৰ শ্বাসৰোধী আহ্বান


জুইৰ শিখাৰ দৰে
দপদপকৈ জ্বলিছিল
মোৰ সমস্ত সত্বা

অন্ধকাৰত জ্বলে
মোৰ বিস্তৰ মতভেদ

পিপাসাৰ শ্বাসৰোধী আহ্বান
হৃদয়ৰ চুকে কুণে

অনুভূতিৰ দুৱাৰ দুফাল কৰি
নিৰ্লজ্জ এটি সুৰ বতাহত ভাঢ়ি গ'ল

আকাশত হ'ল সৃষ্টি বিজুলীৰ
মো শৰীৰৰ তেজ উতপ্ত কৰি

আকবাক ৰেখাৰে মোৰ সমগ্র শৰীৰত
সংকীৰ্ণতাৰ ভেটা ভাঙি
চলিছিল এটি হিংস্র উৎসৱ

শংখ নিনাদ আৰূ উদগ্র বাসনা
নীল নক্ষত্রৰ এটি আনন্দ ৰাগ
বিয়পি পৰে মোৰ তেজৰ সুঁতত ।।