পুৰণি বিৰহ ফুলৰ আৰত


অন্তৰ মোৰ উদাস আকুল
পুৰণি বিৰহ ফুলৰ আৰত
মনত পৰে জোনাক নিশা

অতীতৰ সোঁৱৰণীয়ে
মনত জগাই তুলে
ৰূপালী জোনাক

আকাশে বতাহে
বাজি উঠে ৰাগ মিলনৰ

ৰাতিৰ এন্ধাৰবোৰত
চকু পানী
মাটিত সৰি সৰি পৰে ।।