এতিয়া আকাশ মেঘাচন্ন

দুখৰ কুঁৱলি
খুপিয়াই আগবাঢ়ি যাওঁ
আঠুৱনি পানী

উজানৰ পানীত
খোজৰ গতি
স্থবিৰ হৈ পৰে মাজে মাজে

ডাৱৰৰ গুজৰনিয়ে
কঁপাই তুলিছে আকাশ বতাহ
তাতে বিজুলিৰ চমকনি

চিঞঁৰি উঠে গাজনিৰ হুংকাৰ
কঁপি উঠে মন
আক্ৰোশ প্ৰকৃতিৰ

এতিয়া আকাশ মেঘাচন্ন
মন থানবান
আত্মাত বাজি উঠে
এটা কৰুন গান।

এটি ভাৱৰ তোলপাৰ মনৰ মাজত

এটি ভাৱৰ তোলপাৰ মনৰ মাজত
প্রকাশৰ দূৱাৰ বিছাৰি
দূৰ্ব্বাৰ গতি মনৰ মাজত
শব্দৰ সন্ধানত
লুটিয়াইছে শব্দৰ অভিধানৰ পাত
হেজাৰ পাত লুটিয়াই
নাপালে মনে বিছৰা
শব্দৰ সন্ধান
খঙত চিৰাচিৰ কৰি
দলিয়াই পেলালে
শব্দৰ অভিধান
ভাৱৰ উত্তপ্ত হেঁচাত
ফুটোফুটো কৰা
এটি আগ্নেয়গিৰি উদগিৰনৰ
সময় সমাগত

জীয়াই আছো মেজিৰ শেষ জুইকুৰাৰ দৰে

বহুদিনৰ মুৰত
বাহিৰৰ উৰুঙা বতাহ জাকে
কথাবোৰ  মনলৈ আনিছে

নতুন জীৱনৰ পাতনি
অচিনাকি কুঁৱলীসনা কোমল পুৱা
তল সৰা শেৱালীৰ সুবাস
উপচি আছিল

সন্ধিয়া মই আকাশৰ মেঘৰ মোহনাত
নাওখনি লৈ ৰিঙিয়াই মাতিছিলো
তৰাৰ দেশলৈ

কঁকালৰ ৰিহা খনি ধৰি থাকোতে
তুমি বাৰু কিয় একেথৰে চাইছিলা
মই স্বপ্নাতুৰ আলোকৰ মানুহ

এপাহ শেৱালীৱে                      
সেইদিনা মন সাগৰত
ঢৌৰ কঁপনি তুলিছিল
বহু বছৰ আগৰ কথা
সকলোবোৰ সাধু যেন লাগে

তুমি নাই
মোৰ সাজযোৰে ললে বগা বৰণ
এইযোৰ কাপোৰ চিনাকি নহয়

এই সময়খিনিত মোৰ বুকুখন
যেন তেনেই উদং হৈ থাকে

ভোগদৈয়েদি ভটিয়াই
গৈ থাকোতে
মই তোমাক ৰিঙিয়াই মাতিম
তুমি যিদিনা উলটি আহিবা                  
মোক নাপাহৰিবা দেই

জীয়াই আছো মই
মেজিৰ শেষ জুইকুৰাৰ দৰে
উমি উমি জ্বলি ।।

কিবা যেন নাই

নাই সন্ধিয়াৰ চাকিৰ শাৰী
নাই পুখুৰীৰ পানীৰ জিলিকনি
আকাশত বতাহ বলিছে
সদায় দেখা মনে ভাল পোৱা ভাব এটি নাই যেন লাগে
শস্যৰে শোভিত বসুন্ধৰা আৰু কোমল নিয়ৰৰ মৃদু পৰশ
ডাৱৰৰ  গহীন চাৱনিত প্রকৃতিৰ মোহিনী সংগীত
জিলিৰ মধুৰ মাতত সৃষ্টি মায়াৱি পৰিবেশ
যদি একোকে নাথাকে
হৃদয়ৰ সুখৰ  তাপ সিওঁ যদি হেৰাই যায়
মনত ভাৱ আহে ঘনেঘনে
কিবা যেন নাই 

নীল আকাশৰ বিষাদ

মায়াৱি ঘোৰ অন্ধকাৰ ৰাতি
বতাহত ভাঁহে মায়াবি সংগীত
অনুৰনিত সুৰ বুকুভেদি যায়
অকলশৰে মন্ত্রমুগ্ধ ময়
শৰীৰত বৈ যায়
শীতল সোঁত কলিজা বিদাৰি
আকর্ষনৰ সন্মোহনে
অজানিতে লৈ যায়
সুৰৰ দিশে
খোজ লওঁ
মায়াবি সংগীত বিচাৰি
স্বপ্নৰ অলীক আবেগত
প্ৰতিবিম্বিত ৰূপৰ প্ৰতিফলন
আন্ধাৰৰ এটি আশাৰ
শংখ ঘণ্টাৰ অভিধান
সাৰে থাকিম অকলশৰে
জাগিছিল এটি অনুভূতি
দূৰত মাৰ যোৱা
বিষাদ কঢ়িয়াই কঢ়িয়াই
কজলা বৰণ লোৱা ডাৱৰ
সংগী ধুমুহা বতাহ
আন্ধাৰৰ সুযূগত কিৰিলি পাৰিলে
এটি অজান ভয়ত
সৃষ্টি হ’ল ত্ৰাস
সহিব নোৱাৰিলে ডাৱৰে
চকুপানীৰ ঢ’ল
মুক্ত ধাৰাৰে ধাৰাষাৰ গতিত
বৈ আহিল
নীল আকাশৰ
বিষাদ কঢ়িয়াই
মায়াৱি ঘোৰ অন্ধকাৰ ৰাতি  

গোপীৰ হৃদয়ত প্রেমৰ জোৱাৰ

গোপীৰ আকুল বানীত আকুলিত সাৰঙ্গপাণি
হাঁহিত মোহিনী বান মাৰি
গোপীৰ হৃদয়ত তুলিলে প্রেমৰ জোৱাৰ
বিমুগ্ধ দৃষ্টি নন্দ গোপালৰ
হেঁপাহৰ আশাভৰা বুকুত হেজাৰ সপোন লৈ
ঘেৰি ধৰিলেহি মনৰ প্রিয়জনক
এটি মনোৰম দৃশ্য প্রভাতৰ
প্রভাতি সূৰুযৰ কান্তিত বিমুগ্ধ দামোদৰ  ।।

শূন্যতাৰ আপোন যাত্ৰা

উজুটি খাই
বিবৰ্ণ হৈ লা পৰা
হৃদয়ত বেদনাৰ তিব্ৰ আঘাত 

সৰগি আকাশ ভাগি পৰাৰ ধপধপনিত
কঁপি উঠিছে বুকু

শীতল লোটক বৈ যোৱাৰ অনুভূতিয়ে
বুকুত পাহাৰসম বেদনাৰ সঞ্চয়  

ক্ৰমে নিস্প্ৰভ হৈ অহা পোহৰৰ জ্যোতিত
শূন্যতাৰ আপোন যাত্ৰা

সীমাৰ শেষ প্ৰান্তত অহৰহ বাজিছে কাণত
শেষ নিশাৰ মন্দিৰৰ ঘন্টা ধ্বণ্ণি

অনুভূতিৰ এক নিৰ্ম্মল আবেশ 2

আদিম সত্বাৰ অন্তঃকৰণে
এটি চেষ্টা অনাসক্ত ইন্দ্ৰিয়ৰ
প্ৰকাশিত জ্যোতিৰ
শংখ ঘন্টা
সময় স্থবিৰ নৈসৰ্গিক উপস্থিতিত
সুৰৰ ঝংকাৰতকঁপিছে
বিগলিত সুৰভিৰে বিকশিত চৌদিশ
ৰজনীৰ উজ্বল বৰণ
বিস্তাৰিত মায়াজাল
অনুভূতিৰ এক নিৰ্ম্মল আবেশ
আত্মহাৰা এক উত্তাল তৰংগৰ ঢৌয়ে  
শৰীৰৰ প্ৰতিটো বিন্দুত
উপলব্ধি এটি প্ৰেমময়
সফলতাৰ আনন্দ
সপোন মায়াজালৰ অন্তত।

অনিচ্চিত পৰিবেশ

সময় আগুৱাব নোখোজে
আবদ্ধ হৈ ৰলো
অজান আশংকাত
বুকুখন কপি উঠিছিল
অসহজ নিস্তব্দ 
অনিচ্চিত পৰিবেশ
ওপঙি ফুৰিছে মন 
দুচকুয়ে মাথো  সঁহাৰি বিছাৰে
বুকু শূন্যতাৰে ভৰা 
সন্ধানত তন্ময়ৰ ছাৱঁনি
উপায় বিহীন মই
নিঃশব্দে জ্বলি উঠা
ধিমিত ধামাক পোহৰত,
দুখবোৰে সুৰহৈ বাঁহীত ফুটি উঠে
সুস্পষ্ট নহয় মোৰ দৃষ্টি
পূৰণি কোঠাবোৰৰ গোন্ধত
বিদ্যুংগতিত বুকুয়েদি পাৰ হৈ গ’ল
এক অশৰীৰি আত্মা
ধৈৰ্য্যৰ হিচাব নিকাচ কৰিছে কোনোবাই
শংকিত মই নিৰুপায়
এটি ভাৱ মনত জাগি উঠিল
অকৃতিম অনুভূতিৰ স্বাদ
ধৈৰ্য্যৰ বান্ধ ভাগি গ’ল
এক্ষন্তেক নৰৈ পলাই ল’ৰ মাৰিলো
নিৰূপায় হৈ

ঈশ্বৰ নিৰ্লিপ্ত

জাজাবৰি ময়
নদীৰ বালিচৰত
তৃষ্ণাতোৰ পিয়াহত ৰূক্ষ
ওঁঠৰ হাঁহিত অৰ্থহীন দয়াৰ আশা
ঈশ্বৰ নিৰ্লিপ্ত
ক্ৰমশ গ্ৰাস কৰিছে মোক
মৃত্যুৰ বিভিষীকাই
লেলিহান শীখাৰ দৰে
কৰুণ বিনণী মোৰ
হেৰাই যায় বতাহত
চূৰ্ণ হৃদয়ৰ অপূৰ্ণ আশাবোৰত
নিঃসংগতাৰ চকুপানী
জ্বলি যাব জীৱন
এডাল এডালকৈ
চিতাৰ খৰিৰ দৰে ।।

মোৰ কল্পনাৰ ছবিত


নিবিৰ ক্ষণবোৰত
মোৰ অজ্ঞাতে আত্মাৰ অনুভৱবোৰ
মোৰ কল্পনাৰ ছবিত নিঃশব্দে বৈ আহে
বাৰিষাৰ ঢৌৰ দৰে 
এটি বনৰীয়া সুবাসৰ সুগন্ধহৈ

আত্মাত কলকলাই নামি আহে মোৰ নিৰৱতা ভাঙি
সন্তৰ্পণে মোৰ অজ্ঞাতে বগাই ফুৰে
হৃদয়ৰ আশে পাশে

কথাবোৰৰ মৰমত ভাঁহি থাকোতে
নিজান সন্ধিয়া নিঃসাৰে
এজাক জোনাকী উৰি আহে নিঃশব্দে  ।।

মোৰ পৰিচয়

জীৱন সংগী মোৰ
বিষাদৰ মাদকতাৰ আৱেদন

বতাহৰ  সংগীতত 
নিসংগতাৰ স্বকীয় ঠিকনা


জগাই তোলে উপলব্ধি সপোন
বুকুত সুখৰ সপোন

বহূ কথা
শৈশৱ
কৈশোৰ
আৰু যৌৱন
কোনে জানে কেনি পাৰ হৈ গ'ল
ৰিনিকি ৰিনিকিওঁ মনত পৰে সেই দিনবোৰ 


সজল চকু
আৰু নিদ্রাহীন ৰাতি

পৰিচয় ক'ত জানো হেৰাই গ’ল
স্মৃতিৰ চুকে কোণে বিছাৰিলেওঁ নেপাওঁ ঠিকনা
অনুভৱ নিসংগ ৰাতিবেদনা

এতিয়া দুখৰ কুঁৱলি

পানীৰ জোখ আঠুৱনি
খুপিয়াই আগবাঢ়ি যাওঁ
ভাগি অহা উজানৰ পানীত

ডাৱৰে গুজৰি গুমৰি কঁপাই তুলিছে
আকাশ বতাহ তাতে বিজুলিৰ চমকনি
এন্ধাৰ ৰাতি চিঞঁৰি উঠে

গাজনিৰ হুংকাৰত
নিৰ্জনতাত অকলশৰে
কঁপি উঠে মন

আন্দোলিত আক্ৰোশ প্ৰকৃতিৰ
সযতনে গঢ়ি তোলা
এখনি বাগিছা
এতিয়া দুখৰ কুঁৱলি

আকাশ মেঘাচন্ন
মন থানবান
ধৰ্ষিতা আত্মাৰ  বিষাদ
বাজি থাকে এটা কৰুন গান।

উমাল অনুভৱ

প্ৰাণময়, মোহময়, আকুলতা
ঠিকনা বিহীন অনুভৱ হৃদয়ৰ
এটি স্পন্দন
এটি দূৰ্বলতা
এটি আকৰ্ষণ
প্ৰিয়জনৰ মোহত অস্থিৰ মন
জোনাকৰ কোমলতাত
ভৰি পৰে বুকু
উপলব্ধি প্ৰাণময়
এটি সুৰ
বৈ যায বুকুয়েদি
উমাল অনুভৱ
নিৰূপায় হৃদয়
দুলি ফুৰে মন
অস্থিৰ হৃদয়
উত্তাপত ভৰি পৰে তন্ মন্
দীপ্তিৰে আলোকিত হৈ
এটি ভাল লগা
হৃদয়ত জোনাকৰ কোমলতা

সেউজীয়া উত্তাল তৰঙ্গ

ঘৰ্মাক্ত দেহত সৃষ্টিৰ চেতনা
সাধনাৰ সপোন সেউজীয়া পথাৰ
বতাহৰ গতিত
ঢৌ উঠে ধাননিত,
সোঁতৰ চেৱে চেৱে
সেউজীয়া সপোনে হাঁহে
এটি স্পন্দন উমাল উত্তাপৰ
সেউজীয়া উত্তাল তৰঙ্গ
অস্থিৰ মন দুলি ফুৰে
আলোকিত দীপ্তিত
ক্লান্তিৰ ছায়া আতৰি পলাই
উমাল উত্তাপত ভৰি পৰে বুকু

জীৱনৰ সংজ্ঞা বিচাৰি

নিসংগতা সাক্ষী উজাগৰি ৰাতি
স্মৃতিৰ ভাষাহীন মৌনতা
অবুজ বিষাদ নিস্তব্ধ নিশা
বেদনাৰ উপলব্ধি হুমূনিয়াহ
ক্রমবৰ্দ্ধমান কাল ৰাত্রি
যন্ত্রনাৰ অবিৰাম নিশ্বাস,
ছায়া আঁউসীৰ হাহাকাৰী হৃদয়
জীৱনৰ সংজ্ঞা বিচাৰি
কোলাহল হৃদয়ত

সৃষ্টি অশ্রুৰ অশ্রু কণাৰ

বাৰে বাৰে সোঁৱৰিছো

পাৰাপাৰহীন সপোন বুকুত
আশা, প্ৰশান্তি এটি সুখৰ
সপোনৰ ৰ'দ কাঁচলীত বহি থাকোতে
বহূ কথা ঘুৰি আহিছিল মনৰ
শৈশৱ, কৈশোৰ আৰু যৌৱনৰ
সময় কেনি জানো পাৰ হৈ গ'ল
মনত নপৰে অতীতৰ দিনবোৰ
সেই তাহানিতে দেউতাই
দিয়া এটি পৰিচয়
আছিল বুকুত অলেখ সপোন
সময় কেনি জানো পাৰ হৈ গল,
আজি ৰ'দ কাঁচলীত বহি
বাৰে বাৰে সোঁৱৰিছো
সজল চকুৰে
আলফুলে বুটলিছো,
স্মৃতিৰ চুকে কোনে
ভাঁহি থকা মনৰ হেঁপাহবোৰ ।

উপলব্ধি মাথো আত্মা

মোৰ জীৱন সংগী বিষাদ
অবুজ মাদকতাৰ
সুক্ষ্মতম কণিকাৰ আৱেদন
উদাসীন নিসংগ ভাৰহীন প্রতিপল
স্বকীয়তাৰ উপলব্ধি মাথো আত্মা ।।

যন্ত্রনাৰ আবেগৰ উপশম

লুইতৰ চাপৰিত থকা মুহূৰ্তবোৰত
নিজৰ অজ্ঞাতে নিজান সন্ধিয়া
এজাক জোনাকীয়ে
নিঃসাৰে বগাই ফুৰে বালিময় চাপৰিত
মোৰ অজ্ঞাতে উৰি আহে
নিঃশব্দে মোৰ কল্পনাৰ ছবিত
মোৰ আবেগৰ চকুপানীৰ উমান পাই
উৰিছে নিঃশব্দে মোৰ চৌদিশে
মোৰ আত্মাত খামুচি
যন্ত্রনাৰ আবেগৰ উপশম কৰি
ঢৌ খেলালে অতল তলিৰ অনুভৱবোৰত
বাৰিষাৰ ঢৌৰ দৰে
ৰূদ্ধ দুৱাৰ ভাঙি বৈ আহিল
অনুভৱবোৰ বাঁহীৰ গুণগুণনি হৈ
চৌদিশে বনৰীয়া সুবাসৰ এটি সুগন্ধ 
উপঙি আহিল পানী যুঁৱলিত স্মৃতিবোৰ
ভাঁহি আহি থিতাপি ল’লেহি
মোৰ আত্মাত মূল্যবান সম্পদ হৈ
কলকলাই নামি আহিল স্মৃতিৰ জুৰিটি
চৌদিশ পোহৰাই মোৰ নিৰৱতা ভাঙি ।।

প্রেমৰ প্রতিদান শেষ নিশ্বাসৰ অন্তিম ক্ষন

প্রেমৰ প্রতিদান
কি মই নাজানিছিলো
তুমি মোক কেতিয়াওঁ
সঁহাৰি দিয়া নাছিলা
মোৰ আকৰ্ষণ তোমাৰ প্রতি
অজ্ঞাত আছিলা তুমি
সহজ সৰলতা মোৰ অতি প্রিয়
ভাৱ আহে মনত
শূণ্যতাৰ উপলব্ধিৰ
নহলে এটি গুমগুমনি
হয়তো এটি সপোন হাহাকাৰ
বুকুত জ্বলেএটি শূণ্যতাৰ চাকি
অস্থিৰ সময়ত মনে বিছাৰে 
স্থিৰতা এটি শূণ্যতাৰ
সপোন ভঙাৰ হাহাকাৰ
সহস্র জনৰ বুকুত
আলিংগনৰ ফোঁচ্ ফোঁচনি
উত্তাল ঢৌৰ কম্পিত হুংকাৰত
সুহুৰী ধুমুহাৰ ত্রস্ত ৰাত্রিত
নিশব্দ উছুপনিৰ হিঁয়া ভগা কপঁণি
উপস্থিত শেষ নিশ্বাসৰ
অন্তিম ক্ষন

এন্ধাৰৰ এক মৃদু আলিংগণ

মলয়াত সংগীতৰ সুৰ
এখনি নীলা আকাশ
সূৰুয আৰু জোনাকৰ

গধূলীৰ নীলাভ আকাশী
লাজতে লুকাল
জোনাকৰ ৰূপালী চাদৰত

ফেচাঁৰ কুৰুলিত
এন্ধাৰৰ এক মৃদু আলিংগণ

উৰণীয়া মন
আজি লগৰীয়া
সহস্র জোনাকী

এটি সুৰ সমলয়
আন্ধাৰ নিশাৰ

ভৰি গ’ল হৃদয়ত
জোনাকৰ মিচিকি হাঁহি

এটি নতুন আশাৰ সপোন

এটি নতুন আশাৰ সপোন
নিস্তেজ ক্ষ্যনবোৰ  আজি
আগবাঢ়িছে সত্যৰ সন্ধানত
সমাজৰ বুকুত জনতাৰ কণ্ঠত
মুখৰিত আকাশ বতাহ
উদ্বভাষিত হয় ৰৌদ্দোজ্বল জ্যোতিত
এটি আশাৰ ঝংকাৰ
তীব্র উচ্ছাস উটি ভাহি যায় দূৰ দূৰণিলৈ
বাৰিষাৰ ঢল কল্লোলিত হৃদয়ত
ন-জ্যোতিৰ হৃদয় শীতল কৰা
আশাৰ এটি অংকুৰনৰ পৰশত
অপেক্ষ্যাৰ অনুভৱ মৰমী হাতৰ পৰশ
স্মৃতিৰ সোনালী সপোন
শেৱালীৰ সুবাসে আৱৰা অনুভৱে
গাত তুলে এটি শিহৰণ
শৰীৰৰ অংগে অংগে
এটি সুৰ গীতৰ
বুকুত গজি উঠা
মতলীয়া মোৰ উন্মুক্ত
কল্লোলিত সেউজী সপোনবোৰ
উপচি পৰে সেউজী
সোনালী সপোনৰ ৰূপ লৈ
মন মাদকতাৰে ভৰি পৰে
বুকুত ঢৌ খেলাই ।।

সৃষ্টিৰ অপূৰ্ব্ব সঙ্গীত


নৱতম সৃষ্টিৰ নৱ দৃষ্টিৰে চাওঁ
সৃষ্টিৰ  অপূৰ্ব্ব সঙ্গীত
মোৰ হৃদয়ৰ গানে সুৰ লয়
উপহাৰ পূৰ্বাচলৰ এটি নবীন সূৰ্য্য
আকাশে বতাহে উপচি পৰে
সুৰীয়া কুলিৰ বসন্তৰ বাতৰি
বুকুত সিঁচি মদাৰৰ ফাঁকু
চিকমিক লুইতৰ চেনেহৰ সঁফুৰাত
মিচিকিয়া হাঁহিৰ এক অপূৰ্ব ভ্রমণ
হৃদয়ত বাঁহীৰ বাজি উঠা গীত
লুইতৰ ফেনিল শুভ্ৰ জলৰ দৰে
ৰিণি ৰিণি বাজি উটি আহে
হৃদয়ৰ কোণে কোণে
এক পোহৰৰ গানৰ ধল
বুকুৰ ভিতৰত প্রিয়তমাৰ মৰমৰ দৰে

হৃদয়ৰ নতুন সন্ধান

শান্তভাৱে ৰৈ আছিল
এমুঠী জিয়া আবেগ
সময়ৰ চুক এটাত

নিষ্ঠুৰ নিয়তিৰ আঘাতত
অচিন প্ৰান্তত দুবাহু মেলি
পৰি ৰ’ল চিৰকাললৈ

ফোটটো মচি দিলে
তুমি ৰৈ গ’লা হৈ
এখনি নিৰৱ বোৱতী নৈ

সন্মূখত গতিশীল জীৱন
দুখ আৰু বতাহ বৰষুণৰ

দুবাহু মেলি ৰৈ আছে সময়
আগুৱাই যাবা সোঁতত
হৃদয়ৰ নতুন সন্ধানত 

অনুভুতিৰ স্পন্দন

উত্তাল এটি ঢৌৰ
স্পন্দনৰ সজীৱতা
সুৰ হৈ চিঞঁৰিছে
মুক্ত কন্ঠেৰে
অনুভুতিৰ স্পন্দন
সীমাৰ প্ৰান্তে প্ৰান্তে
গতিশীল জীৱন পথত
আকাংক্ষাৰ সপোনে অহৰহ
খেলি ঘুৰি ফুৰিছে
জীৱনৰ আসেপাশে

অনুভৱ তোমাৰেই সজীৱ স্পন্দন

অনুভৱ তোমাৰেই সজীৱ স্পন্দন
দেখা নাই কেতিয়াও
ঘুৰি ফুৰিছো সীমাৰ প্ৰান্তে প্ৰান্তে
হৃদয়ত জাগি উঠিছে
এটি উত্তাল আকাংক্ষাৰ
অনুভুতিৰ সজীৱ স্পন্দন
আশা আগুৱাই মুক্ত কন্ঠেৰে চিঞঁৰি
এটি চিনাকি সুৰ হৈ
গতিশীল জীৱন পথত তোমাৰ সন্ধানত
মোৰ আসেপাশে জীৱনৰ
এক নুবুজা মাদকতা
অহৰহ খেলিছে ক্ষনে ক্ষনে
অনুভৱ তোমাৰেই সজীৱ স্পন্দন

ৰৈ যায় সপোন

এমুঠী জীয়া আবেগ
অসহায় মানুঁহ
সময়ৰ সোঁতত ৰৈ যায় সপোন
জীপাল পথাৰ হৈ পৰে স্থবিৰ
অসহায় হিয়াৰ পাৰভঙা সপোন
আঘাতৰ এটি চেঁচা আবেগ
বসন্ত আগুৱায় বোৱতী নৈত
গতিশীল বতাহৰ মৌন পৰশত
এটি নুবুজা বেদনাত বুকুৰ ধপ ধপনিত
হৃদয়ত বাজি উঠে এক অবুজ কান্দোন

দৃশ্যমান নতুন আশা

তোমাৰ দৃষ্টিয়ে
সৃষ্টি কৰা ধুমুহাত
হৃদয় থানবান

মৌচুমীৰ তীব্ৰ প্ৰভাৱে
বাধাৰ প্ৰাচিৰ ভাঙি
উৰূৱাই লৈ যায়
সঞ্চিত বেদনাৰ পাহাৰ

উদ্ভাসিত ন-দীপ্তিত
দৃশ্যমান নতুন আশাৰ
মৌচুমী খেলি যায়
ৰূদ্ধ কুটীৰৰ দূৱাৰ খুলি

নজ্যোতিয়ে মোৰ
আশাৰ গতি বেগৱতী
কৰি উৰুৱাই নিয়ে
স্বপ্নৰ মায়াজাল তৰি

মৰীচিকাৰ জিলমিল

অপূৰ্ব্ব উদ্মাদনা নদীৰ মোহনাত
প্ৰাণচাঞ্চল্যৰ শিহঁৰণ অঙ্গে অঙ্গে
চঞ্চল ৰহস্যত জাগি উঠে
বিচিত্ৰ জীৱনৰ নিবিড় আকৰ্ষণ
অনুভৱ কৰোঁ এটি
উত্তপ্ত আলিঙ্গন অগ্নিশিখাৰ
জীৱন্ত আত্মাত বৈ যায়
এটি প্ৰাণবন্যা সুখৰ

পিপাসাৰ নিৰ্লজ্জ শিখা

পিপাসাৰ নিৰ্লজ্জ শিখাৰ
আকবাক
মোৰ সমগ্র শৰীৰত

জুই জ্বলে অন্ধকাৰত
আকাশৰ  চুকে কুণে
শংখ নিনাদ

পূৰ্বাচলৰ আকাশত
উপচি পৰে ধল

ফেনিল লুইতৰ পানীত
আদিম বন্যতাৰ
অহৰহ ধ্বন্নী প্ৰতিধ্বন্নি

উটি ভাঁহি গুচি যায়
প্রতিটো লহৰত
বন্য আনন্দ

হৃদয়ত অবুজ বিষ
অনুভৱ কৰো
নিসংগতাৰ ‎নিস্তব্ধ খোজ


জীয়াই থকাৰ অৰ্থ বিছাৰি

মোৰ সমস্ত সত্বাত দপদপকৈ জ্বলিছে মোৰ চিন্তাৰ বিস্তৰ মতভেদ
আক্ৰোশৰ শ্বাসৰোধী আহ্বানত মনৰ সংকীৰ্ণতাৰ ভেটা ভাঙি
মোৰ শৰীৰত কলিজা দুফাল কৰি বৈ যায়
বিজুলীৰ উতপ্ত সুঁতি

এটি উদগ্র বাসনাই
চলাইছিল হৃদয়ত  হিংস্র উৎসৱ
প্রাণ পাই উঠিছিল জীয়াই থকাৰ অৰ্থ বিছাৰি

ৰিণি ৰিণি শুনিলো এক অপূৰ্ব্ব সঙ্গীত
নৱতম সৃষ্টিৰ চেতনা জাগি উঠিছিল
হৃদয়ৰ কোণে কোণে

দিওঁ উপহাৰ
এটি নবীন সূৰ্য্যৰ পোহৰৰ গান
শুভ্ৰ জলেৰে বাজি উঠক এটি গীত সকলোৰে প্রাণত

সুৰ এটি বতাহত ভাঁহি গ'ল জীয়াই থকাৰ অৰ্থ পাই
বিয়পি পৰে এটি আনন্দৰ ৰাগ মোৰ তেজৰ সুঁতত ।।



হৃদয়ত সৃষ্টিৰ শলিতা জ্বলাওঁ

শেষ হ’ল ৰক্তিম উজ্জ্বলতা
শান্তিৰ নৱলোকৰ পোহৰৰ গান
বুৰ গ’ল অন্ধকাৰত শূন্যতা হৈ

শুনো ৰিণি ৰিণি পথাৰবোৰত
অতীতৰ মাজেদি
সঙ্গীতৰ প্ৰতিধ্বনি

অতীতৰ আন্ধাৰত ৰৈ থাকি
মই শিল্পী
হৃদয়ত সৃষ্টিৰ শলিতা জ্বলাওঁ

অপূৰ্ব্ব ধাৰা
সোণোৱালী সংস্কৃতিৰ

সঙ্গীতৰ অন্তিম প্ৰতিধ্বনিৰ
উক দিয়া ধোঁৱাবোৰে
বুকুত সিঁচিলে সৌন্দৰ্য্যৰ এটি ৰূপ

ভৰি পৰিল হৃদয়-পাত্র
এটি দেৱী গীতৰে  ।।

বাট চাই আছো মই

বাট চাই আছো মই
আদৰি নিবলৈ
হৃদয়ৰ ভালপোৱাৰে
সযতনে সাঁচি থওঁ
বুকুৰ মাজত মোৰ

তাহানিতে গোৱা গীতবোৰেৰে
দলিচা সাজি ৰৈ আছো মই
দিয়া হিয়াখনি তোমাৰ

বুকু হম হম কৰে
এতিয়াও মনত পৰিলে
জোনাক নিশা


বুকু ভৰি আহিবনে
এইবাৰ বহাগত
ঢোল পেঁপা গগনাৰে
আকাশ বতাহ কঁপাই

তৃষ্ণাতুৰ প্রানৰ প্রতিশ্রুতি

বিপন্ন মানৱতাৰ কঁপি উঠা আশা সংশয়ৰ চাকনৈয়াত
সংকীৰ্ণতাৰ শিকলি চিঙি আশাৰ জুই জ্বলি উঠিছিল দুচকুত
তৃষ্ণাতুৰ প্রানৰ  প্রতিশ্রুতিৰ সেমেকা সুগন্ধ
সতেজ অৰণ্যত উদ্গীৰিত গভীৰ ভালপোৱা
বিয়পি পৰিছিল ধুমুহা বতাহে
বুকুত কোবায় যোৱা
এটি অজান বিষৰ অনুভৱে সামুচি ধৰিছিল
এটি সপোনৰ অন্তিম ক্ষ্যনত
বৈ আহিল চকুপানী এটোপ দুতোপকৈ

বিশ্বাসৰ খেলিমেলি

আন্ধাৰ নিশা
মোৰ হিয়াত
ভগা হুমুনিয়া
ৰিক্ত বতাহ

জোঁট লগা বৰ্ষাৰ সংকেত
বিশ্বাসৰ খেলিমেলি
আহি পৰে
অশ্ৰু কণাৰ শীতল প্রবাহ

মই নীৰৱে বাট খেপো
কল্পনাৰ উন্মুক্ত প্লাৱন
অংকুৰনৰ আশাত

চকু অশ্ৰুত তিৰবিৰনি
এটি অনুজ্বল তৰাৰ

নামিছে অন্ধকা
এটি বিলাপৰ গীত হৈ

শোণিতত বৈ যায়
জীৱন নদীৰ
বোকাপানীৰ ঢ’ল  ।।



আদিম বন্যতাৰ স্নিগ্ধতা

আদিম বন্যতাস্নিগ্ধতা
প্ৰকৃতিৰ এটি সুৰসমলয়
শীলে শীলে ঠেকা খাই
বৈ যোৱা নিজৰাটি
অহৰহ ধ্বন্নী প্ৰতিধ্বন্নি
সৃষ্টি এটি লহৰৰ মায়াজাল
উটি ভাঁহি গুচি যায়
আকাশে বতাহে
প্রতিটো লহৰে গীত ৰচে
বন্য আনন্দ
সেউজী অৰণ্যবিশালতাত
উৰি ফুৰে এটি অনুভৱ
বনৰীয়া মন
অপূৰ্ব আকৰ্ষণ সৌন্দৰ্য্য

ফাগুনৰ পচোৱা বতাহৰ মাদকতা

ফাগুনৰ পচোৱা বতাহে
লৈ আহে এটি 
অজান সংগীতৰ মাদকতা
ভাঁহি অহা আশাবোৰৰ 
ৰঙা নীলা সপোনৰ 
মনভুলোৱা মিঠা সুৰ
ঝংকাৰিত হয় প্ৰাণত  
পথাৰৰ পাহৰি যোৱা
হেঁপাহবোৰে উকিমাৰি
সংগোপনে এটি
নতুন সপোন ৰছে  ।।

চিঞঁৰি উঠে কাৰাৰূদ্ধ কন্ঠই

টুকুৰা টুকুৰকৈ মনত পৰা কথাবোৰে
নিজানে নিৰলে ধেমালী কৰে
ফুচফুচাই সুহুৰি মাৰি

কুঁৱলীৰ জাল ফালি
মৃদু হেন্দোলনি তুলি
ভূমুকি মাৰেহি
সাঁচতীয়া পেৰাত থকা
বাঁহীৰ সুৰৰ
প্রাণোচ্ছল ভাৱ এটি

সংগোপনে উকিমাৰি
ঝংকাৰিত হৈ
লৈ আহে মনলৈ
এটি অজান সংগীত

নিশব্দতা ভেদি
চিঞঁৰি উঠে কাৰাৰূদ্ধ কন্ঠই
বুকু জীপাল কৰি 

সৃষ্টিৰ মায়াজালৰ অলীক সংগীত

সৃষ্টিৰ মায়াজালৰ এক অলীক সংগীত
শৰীৰত এটি মায়াৱি শিহঁৰণ  
বুকুভেদি বৈ যায় এটি শীতল সোঁত
মন্ত্রমুগ্ধ মই অকলশৰীয়া অন্ধকাৰ নিজান ৰাতি
দুস্বপ্নৰ এটি স্পন্দন অনুৰনিত হয় চাৰিওঁদিশে
বতাহত ভাঁহি আহে এটি মায়াবি সংগীতৰ আকর্ষন
সন্মোহিত মই খোজ লওঁ লাহে লাহে অজান  দিশত
অনুভৱ এটি মায়াবি আবেগৰ 
স্বপ্নাতুৰ মই এক অলিক সপোনৰ

বিৰহী কবি


উৰুঙা মনত
এটি কবিতাৰ সুৰভিয়ে উলাহতে নাচিছে 
তোমাৰ হাঁহিয়ে সানি দিলে সপোনৰ মায়া
মৃদু উশাহত কঁপি উঠা তোমাৰ 
নিপোটল বুকুত সৃষ্টি নীলিম সাগৰত 
উৰ্ম্মিমালাৰ বাধাহীন লক্ষ ঢৌ ৰঙৰ উছৱ
উন্মনা কোমল সুবাসে
তৰুণ হিয়াত ছন্দৰ তুলিকাৰে আকে
এটি হাঁহিৰ বিজুলী  


অশ্রুৰ ধাৰা স্মৃতিৰ জুৰিটিৰ

অজ্ঞাতে উৰি আহে
নিবিৰ ক্ষণবোৰত
অ’ত ত’ত সিঁচৰিত মুহূৰ্তবোৰ
সন্তৰ্পণে অজ্ঞাতে
নিজান সন্ধিয়া
নিঃসাৰে বগাই ফুৰে
নিঃশব্দে মোৰ কল্পনাৰ ছবিত
মোৰ আবেগৰ উমান পাই
নিঃশব্দে মোৰ আত্মাত
স্থান লয় যন্ত্রনাৰ ভ’ৰালত
অনুভৱবোৰত ঢৌ খেলাই
বাৰিষাৰ কোবাল ঢৌৰ দৰে
ভাঙি বৈ আহে
অনুভৱবোৰৰ গুণগুণনি
বনৰীয়া স্মৃতিবোৰ
উপঙি আহি
থিতাপি লয়
মোৰ আত্মাত
নামি আহে
এটি অশ্রুৰ ধাৰা
স্মৃতিৰ জুৰিটিৰ পৰা
মোৰ নিৰৱতা ভাঙি 

তোমাক ভালপোৱাৰ দুৱাৰ পাৰ হৈ

সান্নিধ্যৰ অজুহাত
অন্তৰত হেঁপাহৰ মুক্ত সপোন
মুখত এটি সৰল হাঁহি
তোমাৰ উপস্থিতিত
সান্নিধ্য এটি যাদুকৰী ৰাতি
এটি নাটকীয় মুহূৰ্তত
অনুভূতিৰ জাগ্ৰত জীৱন
বসন্তৰ নিজান সুৰত
ভাঙি পৰা মোৰ নিঃসংগতাত
মোৰ প্ৰিয়  ৰং বতাহৰ
বাজি উঠা বাঁহীৰ সুৰত
এক শক্তি জাগ্রত প্ৰেমৰ
নিমিষতে উজ্জ্বল হয়
হৃদয়ৰ আশ্ৰয়
ভৰি পৰে বুকুত
স্ফীত জীৱন শক্তিৰ
ৰঙীন বসন্ত
কল্লোলিত আনন্দৰ সপোনে
ডেউকা কোবাই উৰি যায়
মোৰ অতি প্ৰিয়
তোমাক ভালপোৱাৰ দুৱাৰ পাৰ হৈ
গতিৰ এটি দিশ
অজান শান্তিৰ
উদ্দেশ্য ফুলৰ সানিধ্য ।।

উমাল বুকুৰ আমেজ

বুকুৰ উমে দিছে
ভালপোৱাৰ আনন্দ
স্নিগ্ধ ফুলৰ সুবাস
অন্তৰৰ একোটি গানত
অজ্ঞাতে জ্বলিছে হৃদয়ৰ বিজুলী
নিস্তেজ মনত
কোমল পোহৰৰ স্পৰ্শ
এতিয়া বিদ্যুৎৰ বিস্ময়
উমাল বুকুৰ আমেজ
প্ৰাচুৰ্য্যৰ অৰ্থ যৌৱন
এটি তৰংগৰ উত্তাল অবস্থিতিয়ে
প্ৰতিটো পুৱাই
আনে বিপুল সম্ভাৰ
অন্ধকাৰ হৃদয়
উজ্জ্বল কৰি
লৈ আহে
মোৰ সপোনৰ স্তৰে স্তৰে
এটি নতুন আবেগ 

এন্ধাৰৰ আবেগ এটি গোলাপৰ সুবাস

থৈছিলো সময়
এটি আবেগৰ বাবে

এটি জোনাকীয়ে
এন্ধাৰত কাণে কাণে  ক'লে
এন্ধাৰআবেগ
এটি গোলাপৰ সুবাস

বুকুত অকস্মাৎ  বাজি উঠে
ছিঙা তাৰৰ নিৰৱ বিলাপ
ৰাতিটো পাৰ কৰো উজাগৰে
এটি বিষ অণুৱে অণুৱে

জোনাকীটি উৰি যায় নিৰবে
অনুভৱ কৰিলো
সংগীতৰ স্পষ্ট স্পন্দন  

এটি ৰাগ নিৰবে থুপ খালে
বুকুৰ মাজত
হৃদয়ত ত্রূমে অনুভৱ
এপাহ গোলাপৰ পৰশ

জোনাকীটি আকৌ উৰি আহি
এন্ধাৰত কাণে কাণে  ক'লে
এন্ধাৰআবেগ
এটি গোলাপৰ সুবাস

নিঃশেষ হব খোজা তান
থমকি ৰ'ল

এটি ৰাগে নিৰবে
মোৰ অনুভৱে অনুভৱে
স্পন্দন তোলে
এটি স্পষ্ট সংগীতৰ তান  ।।