প্লাৱন প্ৰেমৰ

দৃষ্টিত সৃষ্টি 
মৰমে তোমাৰ
মোৰ যৌৱনৰ 
আজি ভেটা ভাঙে

মৰমৰ পৰশত 
আজি মনে মোৰ
কোনো পৰিধি নেমানে

প্ৰেমত সৃষ্টি 
ধাৰাষাৰ বৃষ্টিৰ প্লাৱনে আজি
মোৰ আদিম বন্যতাক 
জগাই তোলে

উত্তপ্ত বাসনা মোৰ 
শীতল কৰি
বৈ যায় 
ধৰণীৰ বুকুয়েদি 
সহস্ৰ সোঁতে