এধানি মৰম

এধানি মৰমৰ বাবে
আকলোৱা মন হেজাৰ জনৰ,
কোনে কয় ভালপোৱা নাই
আজিৰ এই যান্ত্ৰিক জীৱনত

হৃদয়ে হৃদয়ে শুনো হাহাকাৰ
সুকোমল আকলোৱা মন,
কিমান যে মৰমৰ আছে
সকলোৰে প্ৰানত সাঁচতিয়া হৈ
মাথো বিলাই দিবৰ বাবে

অনুভৱ কৰো প্ৰানত
আবেগৰ এক সুগভীৰ আবেদন
অপ্ৰকাশ্য মৰম-স্নেহৰ নিজৰা
বৈ আহিছে সহস্ৰ ধাৰাত
কবিতাৰ কলি হৈ।